الوصف
Swadhin - Audio Credits :
Written, Composed,Produced and Performed by Nilotpal Bora
Co-Produced and sound design: Gauri Shankar Lahon
Acoustic and electric Guitars : Shomu Seal
Indian Flute : Kiran Vinkar
Live Bass : Abhinov Bora
Recorded at Sound Stories,Andheri West (Mumbai)
Mixed by Gauri Shankar Lahon
Mastered by Trihangku Lahkar
স্বাধীন
স্বাধীন হোৱা যদি
আহিবা এদিন
বলিয়া বতাহেৰে আদৰিম
বুকুৰ আকাশৰ
কুকুহাৰ জাক
কমোৱা তুলাৰে খেদিম
নেজানোঁ কিমান বেদনাৰে
বুকুখনি আৱৰিলে
এন্ধাৰেও বাট দেখুৱায়
ৰাতিৰ পিছৰ অলেখ ৰাতিৰ
সিপাৰেও নিজৰ
মনক বিচাৰি পায় ।
তুমি নাহা যদি
মইয়েই আহিম
বেলিটি শুই থকা পৰত
একেলগে হাঁহিৰ
উৰুলি বাজিব
ধুমুহাৰ জিৰণি ঘৰত
উমাল প্ৰেমৰ কবিতা পঢ়িলে
তোমাক মৰম লাগে
কোনেনো কয় ৰাতিৰ পাহাৰত
জোনাকী পৰুৱা নাহে
স্বাধীন হোৱা যদি
আহিবা এদিন
বলিয়া বতাহেৰে আদৰিম
বুকুৰ আকাশৰ
কুকুহাৰ জাক
কমুৱা তুলাৰে খেদিম
নেজানোঁ কিমান বেদনাৰে
বুকুখনি আৱৰিলে
এন্ধাৰেও বাট দেখুৱায়
ৰাতিৰ পিছৰ অলেখ ৰাতিৰ
সিপাৰেও নিজৰ
মনক বিচাৰি পায় ।